Show/Hide Keyboard Layout

কুলি কেতেকীয়ে

- ৰিদিপ দত্ত

কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।

মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।

বিহু মাৰিবলৈ ।

এ কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

 

ফাগুনৰ পচোৱায়ে মন উতলাই

পলাশৰ ৰঙা ৰঙে মনটি ৰঙাই ।

ঢোলৰ মাতে শুনি কোনাবা চেনাই

কেঁচা টোপনি সঘনে ভাঙি যায় ।

অ’ হেৰ’ ককাই

অ’ ৰাংঢালি বাই ।

হেৰ’ ককাই

অ’ অ’ ৰাংঢালি বাই ।

হাতত হাতে মিলাই বিহু মাৰো গৈ,

এ হাতত হাতে মিলাই বিহু মাৰো গৈ ।

কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

 

নানা জাতি আৰু উপজাতিৰ

এইখন মৰমী আই অসমী ।

মনৰ যত ভেদা-ভেদ পাহৰি

সোণৰ অসমখনি গঢ়িম আমি ।

অ’ বিহুৱা ৰাইজ,

অ’ অ’ অ’ দেশৰে ৰাইজ ।

অ’ বিহুৱা ৰাইজ,

অ’ অ’ অ’ দেশৰে ৰাইজ ।

হে বিহুৰ তলিত আজি শপতে লৈ,

হে বিহুৰ তলিত আজি শপতে লৈ ।

 

কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।

মোৰ মন আকৌ, হ’ল থৌকি বাথৌ ।

বিহু মাৰিবলৈ ।

এ কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

কুলি কেতেকীয়ে ইনালে বিনালে

মৰমী বিহুটিৰ কথাকে ক’লে ।

Hits: 1827